0 votes
82 views
in General Knowledge by (31.5k points)
ফ্রেড হুইল কোন? হকিঙৰ সৈতে তেওঁৰ সম্পৰ্ক কেনে আছিল লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer
প্ৰফেছৰ ফ্রেড হুইল আছিল এজন বিখ্যাত ইংৰাজ জ্যোতির্বিদ। তেওঁ সূত্রাত্মক জ্যোতির্বিদ্যাৰ এজন খ্যাতনামা বিজ্ঞানী আছিল। তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ত ব্ৰহ্মাণ্ডতত্ত্বৰ বিষয়ে গবেষণা চলাইছিল।

স্টিফেন হকিঙে অক্সফোর্ডৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণী পোৱাৰ কাৰণে প্ৰফেচৰ ফ্রেড হুইলৰ তত্ত্বাৱধানত গৱেষণাৰ সুবিধা বিচাৰি কেজিলৈ আবেদন জনালে। হকিঙৰ আবেদন মর্মে তেওঁক কেম্ব্রিজত গৱেষণা কৰিবলৈ অনুমতি দিয়া হ'ল যদিও ফ্রেড হুইলে তেওঁক গৱেষণাৰ 'গাইড' (পৰিচালক বা উপদেষ্টা) হিচাপে পৰিচালিত কৰিবলৈ মান্তি নহ'ল। ডেনিচ্ স্কিয়ামা নামৰ আন এজন পৰিচালকৰ তত্ত্বাৱধানতে গৱেষণা কৰিবলৈ দিয়া হ'ল। বিখ্যাত অধ্যাপক জ্যোতির্বিদ ফ্রেড হুইলক তেওঁৰ 'গাইড' হিচাপে নাপাই হকিঙে কিছু হতাশ হ'ল। ফ্রেড হুইলে হকিঙৰ 'গাইড' হ'বলৈ এই কাৰণেই অমান্তি হৈছিল আন্তর্জাতিক খ্যাতি সম্পন্ন সেই জ্যোতির্বিদজন বৰ ব্যস্ত মানুহ আৰু প্ৰায়েই দেশে-বিদেশে ভ্রমণ কৰি ফুৰিবলগা হৈছিল। শেষত তেওঁৰ পৰা যে স'ততে প্রয়োজনীয় সময়ত সহায় নাপাব এই কথা বুজি পাই হকিঙে ভালেই পালে আৰু হতাশভাব ত্যাগ কৰিলে।
...