0 votes
105 views
in General Knowledge by (33.3k points)
বায়ু নথকাহেঁতেন আমাৰ পৃথিৱীখন কেনে হ'লহেঁতেন - কল্পনা কৰা আৰু লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
বায়ুমণ্ডল আছে বাবেই আমাৰ পৃথিৱীখন অতি বেছি তপত আৰু অতি শীতল নহয়। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডল ভেদ কৰি পৃথিৱীলৈ আহিব নোৱাৰে বাবে জীৱ-জন্তু ইয়াৰ কু-প্ৰভাৱৰ পৰা হাত সাৰিব পাৰিছে। বায়ুমণ্ডলে জীৱৰ বাবে প্রয়োজনীয় গেছ আৰু পানী ধৰি ৰাখে। ইয়াৰ ওপৰিও জুই জ্বলাবলৈ, উৰাজাহাজ চলাবলৈ, বস্তু শুকাবলৈ আৰু উদ্ভিদে খাদ্য প্রস্তুত কৰিবলৈ বায়ু লাগে। গতিকে বায়ু নথকাহেঁতেন আমাৰ পৃথিৱীখন জনশূন্য হ'লহেঁতেন।
...