পাতৰ ৰূপান্তৰ বিভিন্ন কাৰণত হয়; যেনে-
(i) মটৰ গছৰ দৰে কোমল কাণ্ডৰ গছৰ আগৰ পাতবোৰ কুণ্ডলী আকৃতিৰ আকৰ্ষলৈ ৰূপান্তৰিত হয়।
(ii) কলহ উদ্ভিদৰ পাতবোৰ কলহৰ আকৃতি লয়। পোক-পৰুৱা চিকাৰ কৰিবলৈ পাতবোৰৰ এনে ৰূপান্তৰ হয়।
(iii) আত্মৰক্ষাৰ বাবে কিছুমান গছৰ পাত কাঁইটৰ দৰে জোঙা হয়; যেনে-খেজুৰৰ পাত।