0 votes
32 views
in Science by (28.3k points)
জৈৱিক উৎপাদনবোৰ যে পৰস্পৰ নিৰ্ভৰশীল উদাহৰণৰ সহায়ত বুজাই লিখা।

1 Answer

0 votes
by (221k points)
 
Best answer
উৎপাদক, উপভোক্তা আৰু বিয়োজক- এইবোৰ হ'ল পৰিৱেশৰ জৈবিক উপাদান। উৎপাদকে অর্থাৎ সেউজীয়া উদ্ভিদে খাদ্য প্রস্তুত কৰে। প্রথম পৰ্যায়ৰ উপভোক্তা, যেনে-গৰ, ছাগলী, হৰিণ, ম'ই আদি তৃণভোজী প্রাণীবোৰে এই খাদ্যৰ ওপৰত জীয়াই থাকে। পৰোক্ষভাৱে মাংসভোজী প্রাণীবোৰেও উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ শেষত যেতিয়া উৎপাদক আৰু উপভোক্তাৰ মৃত্যু হয়, তেতিয়া বিয়োজকে ইহঁতৰ মৃতদেহৰপৰা আহাৰ সংগ্ৰহ কৰে আৰু পচন ঘটায়। এতেকে দেখা গ'ল যে জৈৱিক উপাদানবোৰ পৰস্পৰ নিৰ্ভৰশীল।
...