0 votes
67 views
in Biology by (31.5k points)
"প্রস্বেদন উদ্ভিদৰ বাবে অতি প্রয়োজনীয়" এই উক্তিটোৰ সমর্থনত তিনিটা যুক্তি ডাঙি ধৰা।

1 Answer

0 votes
by (251k points)
 
Best answer

পানী শোষণ: প্রস্বেদনৰ ফলত পাতৰ কোষত ব্যাপন চাপৰ পার্থক্য দেখা যায়, যিয়ে মূলৰোমৰ দ্বাৰা পৰোক্ষভাৱে পানী শোষণ কৰাত সহায় কৰে।

অতিৰিক্ত পানী নিষ্কাষণ: প্রস্বেদন প্রক্রিয়াত উদ্ভিদদেহৰ মূলৰ দ্বাৰা শোষিত অতিৰিক্ত পানী বাষ্পকাবে দেহৰ বাহিবলৈ উলিয়াই দিয়ে।

পাতৰ উষ্ণতা হ্রাস: প্রস্বেদন প্রক্রিয়াত সূর্য ৰশ্মিৰ পৰা শোষিত তাপশক্তি পানীক বাষ্পলৈ নিয়াত ব্যৱহাৰ কৰে আৰু ফলত পাতৰ উষ্ণতা নিয়ন্ত্রণ হয়।

Related questions

...