0 votes
54 views
in General Knowledge by (33.3k points)
শীতকালি শৰীৰৰ ছালখন ফাটে কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
মানুহৰ ছালখনৰ একেবাৰে তলৰ অংশটো হৈছে চৰ্মস্তৰ। চৰ্মস্তৰতে তৈল গ্রন্থি আছে। এই গ্রন্থিবোৰে তেল নির্গত কৰি ছালখন নিমজ আৰু কোমল কৰি ৰাখে। শীতকালি ঠাণ্ডাৰ প্ৰভাৱ আৰু শুকান বতৰৰ কাৰণে গ্রন্থিৰ কোষবিলাকো শুকান হয় আৰু কম তেল নির্গত কৰে। ফলত ছালখনে সতেজতা হেৰুৱাই খহটা হয়। অতি বেছি শুকান হ'লে ছালখন ফাটি য়ায়।
...