0 votes
56 views
in General Knowledge by (30.2k points)
ৰুদ্ৰসিংহই কিয় বংগ আক্রমণ কৰিবলৈ মন কৰিছিল?

1 Answer

0 votes
by (240k points)
 
Best answer
প্ৰাচীন কামৰূপৰ পশ্চিম প্রান্ত বহু বছৰ ধৰি মোগলৰ অধীনত আছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত বংগৰ শাসনকৰ্তাই তলতীয়া ৰজালৈ পঠোৱাৰ দৰে আহোম ৰজা ৰুদ্ৰসিংহলৈকো খিলাত বা পায়জামাৰ উপহাৰ পঠিয়াইছিল। ইয়াতে আত্মাভিমানী ৰজা ৰুদ্ৰসিংহই বৰ অপমান বোধ কৰে। ইয়াৰ উপৰি অসমীয়া প্ৰজাই ভাগীৰথী আৰু কৰতোৱা গংগাত তীৰ্থ কৰিবলৈ যাওঁতে বাটত স্থানীয় মোগল কৰ্মচাৰীৰপৰা নানান নির্যাতন সহিবলগীয়া হৈছিল। এই কাৰণেই স্বৰ্গদেৱ ৰুদ্ৰসিংহই বংগ আক্ৰমণ কৰিবলৈ মন কৰিছিল।
...