বস্তু এটা পানীত ডুবিব নে ওপঙি থাকিব সেইটো নিৰ্ভৰ কৰে বস্তুটোৱে অপসাৰিত কৰিব পৰা তৰলৰ ওজনৰ ওপৰত। জাহাজ এখনে অপসাৰিত কৰা পানীৰ ওজন জাহাজখনৰ মুঠ ওজনতকৈ বেছি। সেইবাবে জাহাজখন লোৰে নির্মিত হ'লেও ডুব নাযায়। আনহাতে লোৰে নিৰ্মিত বেজীটোৱে অপসাৰিত কৰা পানীৰ ওজন বেজীটোৰ মুঠ ওজনতকৈ বহুত কম বাবে ই পানীত ডুব যায়।