0 votes
67 views
in Social science by (31.5k points)

এচিয়া মহাদেশৰ জলবায়ুত চৰম তাৰতম্য কিয় দেখা যায় ব্যাখ্যা কৰা।

1 Answer

0 votes
by (251k points)
 
Best answer
এচিয়া মহাদেশৰ জলবায়ুত চৰম তাৰতম্য দেখা যায়। মহাদেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ জলবায়ু দেখা যায়। জলবায়ুৰ এনে ভিন্নতাৰ কাৰক হিচাপে পাঁচবিধ কাৰক চিনাক্ত কৰিব পাৰি।

(ক) মহাদেশখনৰ অৱস্থান: এচিয়া মহাদেশৰ অৱস্থান এনেকুৱা যেই বিষুবীয় অঞ্চলৰ পৰা মেৰু অঞ্চল পর্যন্ত বিয়পি আছে। গতিকে ইয়াত নিৰক্ষীয় জলবায়ুৰপৰা শীতল তুন্দ্রা জলবায়ু পোৱা যায়।

(খ) আকাৰ: আকাৰত এচিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এনে বৃহৎ আকাৰৰ বাবে ইয়াৰ মধ্য অঞ্চলৰ সমুদ্র বহু দূৰৈত অৱস্থিত। এই অঞ্চলসমূহ সমুদ্ৰৰ প্ৰভাৱৰ পৰা বঞ্চিত হোৱাৰ বাবে ইয়াৰ জলবায়ু চৰমভাবাপন্ন হয়।

(গ) উচ্চ পর্বতমালা আৰু মালভূমিৰ অৱস্থান: মহাদেশখনৰ উচ্চ পর্বতমালা আৰু।

মালভূমিৰ অৱস্থানৰ বাবে বতাহৰ দিশ আৰু গতি, বৰষুণৰ পৰিমাণ, উত্তাপ, আর্দ্রতা।

আদি প্রভাবান্বিত কৰি জলবায়ুৰ ভিন্নতা আনি দিছে।

(ঘ) সমুদ্ৰৰ প্ৰভাৱ: সমুদ্ৰৰ কাষৰীয়া অঞ্চলৰ জলবায়ু আৰু সমুদ্ৰৰপৰা দূৰৰ এখন ঠাইৰ জলবায়ু পার্থক্য আছে।

(ঙ) মৌচুমী বতাহ: মৌচুমী বতাহেও মহাদেশখনৰ জলবায়ুৰ ওপৰত বিশেষ প্রভার পেলাইছে।
...