0 votes
86 views
in Social science by (31.5k points)
ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰাৰম্ভিক পর্যায়সমূহ কেনে ধৰণৰ আছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
জাতিসংঘৰ বিফলতাৰ পিছত ১৯৪১ চনত লণ্ডন ঘোষণাপত্ৰ আৰু একে বছৰৰে আগষ্ট মাহত আটলান্টিক চনদে এটা নতুন আন্তর্জাতিক সংস্থা গঠনৰ বাবে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ১৯৩৪ চনৰ নৱেম্বৰ মাহত মস্কোতো মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন আৰু ইংলেণ্ডৰ বিদেশমন্ত্রীসকলে এই সম্পর্কে আলোচনা কৰে। ইয়াৰ পিছত চার্চিন, ৰুছভেল্ট আৰু ষ্টেলিন তেহৰাণত মিলিত হয়। এটা সংস্থা গঠনৰ বাবে ১৯৪৪ চনত ২১ আগষ্টত হাভার্ড বিশ্ববিদ্যালয়ৰ ডাম্বাৰটন ওৱেকছ নামৰ ঘৰটোত ইংলেণ্ড, মার্কিন যুক্তৰাষ্ট্ৰ, চীন আৰু ছোভিয়েট ইউনিয়নৰ প্রতিনিধিসকল মিলিত হৈ এক নতুন বিশ্ব সংস্থা গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে ১৯৪৫ চনৰ ২৬ এপ্ৰিলত বিশ্বৰ ৫১খন দেশৰ ২৬০ গৰাকী প্রতিনিধি ছানফ্রাসিছক চহৰত মিলিত হয় আৰু ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ চনদ গ্রহণ কৰে। তেতিয়াৰ পৰাই ৰাষ্ট্ৰসংঘৰ গঠন হয়।
...