0 votes
84 views
in General Knowledge by (5.9k points)
একেৰাহে বহুত সময় থিয় হৈ থাকিলে, গা বেয়া লাগে কিয়?

1 Answer

0 votes
by (251k points)
 
Best answer
থিয় হৈ থকা অৱস্থাত পেশীৰ কাম একেবাৰে কমি যায়। শৰীৰৰ বেছিভাগ তেজ অভিকর্ষজ শক্তিৰ বাবে ভৰিৰ তলৰ পিনে নামি আহে। ফলত হৃদপিণ্ডলৈ তেজৰ সৰবৰাহৰ হাৰ কমি যায়। হৃদপিণ্ডই যি পৰিমাণৰ তেজ পাম্প কৰে সেই কাৰ্যটোক 'কর্ডিয়াক আউটপুট' (Cardiac output) বোলা হয়। হৃদপিণ্ডৰ তেজ পাম্প কৰাৰ পৰিমাণ কমি যায় ফলত হৃদপিণ্ডৰ হাৰ (Heart Rate) বাঢ়ি যায় আৰু ৰক্তচাপ কমি যায়, সেয়েহে বেছি সময় একেৰাহে থিয় হৈ থাকিলে আমাৰ গা-বেয়া লাগে।
...