0 votes
97 views
in Science by (6.6k points)
আবিষ্ট প্রজনন কাক বোলে? আবিষ্ট প্রজনন প্রক্রিয়া বর্ণনা কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
যি কৃত্রিম পদ্ধতিৰ সহায়ত আন মাছৰ দেহৰপৰা সংগ্ৰহ কৰা পিটুইটাৰী হৰমনৰ ইনজেকচন কর্ণী পাৰিব পৰা মাছৰ দেহত সুমুৱাই সেইবিলাকক বন্ধ পানীত কণী পাৰিবলৈ বাধ্য কৰোৱা হয়, সেই পদ্ধতিক আবিষ্ট প্রজনন বোলে।

এই পদ্ধতিত পৰিপক্ক মাছৰ মস্তিষ্ক উলিয়াই লৈ তাৰ পৰা পিটুইটাৰী গ্রন্থি পৃথক কৰি পানীৰ লগত মিহলাই চেন্ট্রিফিউজ (centrifuge) কৰি ওপৰৰ পানীখিনি ইনজেকচন হিচাপে ব্যৱহাৰ কৰা হয়। স্ত্রীমাছক আবেলি ইনজেকচনত মাছৰ ওজন হিচাপে প্রতি কেজিত ২-৩ mg আৰু সন্ধিয়া প্রতি কেজিত ৫-৮ mg হিচাপে দিয়া হয়। মতা মাছক এবাৰ ৩ mg ইনজেকচন দিয়া হয়। ইনজেকচন দিয়াৰ ৫-৬ ঘন্টা মানৰ পিছত মাছে কণী পাৰে। এই কণী পুৰুষ মাছে পৰিত্যাগ কৰা শুক্রাণুৰদ্বাৰা নিষিক্ত হয়।
...