0 votes
36 views
in Science by (28.3k points)
বতৰৰ আগজাননী দিব পৰা ব্যৱস্থাৰ ফলত জীৱজগতৰ কি কি উপকাৰ সাধন হৈছে লিখা।

1 Answer

0 votes
by (221k points)
 
Best answer
বতৰৰ আগজাননী দিব পৰা ব্যৱস্থাৰ ফলত জীৱজগতৰ বহুতো উপকাৰ সাধন হৈছে; যেনে-

(i) উড়াজাহাজ চলাচল কৰিবলৈ ভাল বতৰৰ প্ৰয়োজন, নহ'লে দুৰ্ঘটনাৰ সম্ভাৱনা থাকে। বতৰৰ আগজাননীৰ ফলত উৰাজাহাজৰ চলাচল নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনাৰপৰা হাত সাৰিব পাৰি।

(ii) বতৰ পৰিৱৰ্তনৰ ফলত কেতিয়াবা কেতিয়াবা সমুদ্রত ঘূর্ণিবতাহ আৰু প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। তেতিয়া সমুদ্রযাত্রী বা মাছমৰীয়াসকলৰ প্ৰাণ যাব পাৰে। কিন্তু বতৰৰ আগজাননীয়ে এনে ক্ষেত্রত মানুহক সাবধান, কৰি দিয়ে।

(iii) কোনো ঠাইৰ অতি বেয়া বতৰৰ আগজাননীয়ে সেই ঠাইৰ মানুহ বা অইন জীৱজন্তুৰ প্ৰাণ আৰু সা-সম্পত্তি ৰক্ষা কৰাত সহায় কৰে।

(iv) খেতিয়কসকলেও অগলী বতৰাৰপৰা কৃষি বিষয়ক সঠিক সিদ্ধান্ত ল'ব পাৰে।
...