0 votes
78 views
in Science by (33.3k points)
পানীত দ্রবীভূত হৈ থকা লবণে কি কি কামত অসুবিধাৰ সৃষ্টি কৰে?

1 Answer

0 votes
by (268k points)
 
Best answer
পানীত দ্রবীভূত হৈ থকা লৱণে আমাক বিভিন্ন কামত অসুবিধাৰ সৃষ্টি কৰে; যেনে-

(i) কাপোৰত চাবোন মাৰিলে সোনকালে ফেন নুঠে।

(ii) উদ্যোগত এনে পানী ব্যৱহাৰ কৰিলে পানী উতলোৱা বয়লাৰৰ ভিতৰত ডাঠ চামনি পৰে আৰু অধিক তাপৰ প্ৰয়োজন হয়।

(iii) এবিধ খাৰুৱা বা লুণীয়া পানীয়ে গছ-গছনিৰ শিপাৰ অনিষ্ট সাধন কৰে আৰু গছৰ বৃদ্ধিত বাধা দিয়ে।

(iv) দ্রবীভূত ক্লৰাইড আৰু আৰ্চেনিকে পানী বিষাক্ত কৰে।

সমুদ্ৰৰ পানীৰ দৰে পানীত বেছি লৱণ দ্রবীভূত হৈ থাকিলে পানী ব্যৱহাৰৰ অনুপযোগী হয়।
...