0 votes
77 views
in General Knowledge by (33.3k points)
পর্বত-পাহাৰত বস্তু ৰান্ধিলে সহজে নিসিজে কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
ভূপৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যোৱা যায় সিমানে বায়ুৰ চাপ কমি যায়। বায়ু চাপ কমিলে তৰলৰ অণুসমূহ আপেক্ষিকভাবে কিছু মুক্ত হৈ পৰে আৰু কম উষ্ণতাতে তৰলৰ বাষ্পীভবন ঘটে। পৰ্বতৰ ওপৰত বস্তু সিজোৱা কার্যত ব্যৱহাৰ কৰা পানী এই কাৰণতে কম উষ্ণতাত উতলি বাষ্পীভূত হয়। বস্তু সিজাবলৈ ব্যৱহাৰ কৰা তাপ এই বাষ্পীভবন কার্যত বেছিকৈ ব্যৱহাৰ হয়। ফলত বস্তুবোৰে উপযুক্ত পৰিমাণৰ তাপ সোনকালে শোষণ কৰিব নোৱাৰে। ফলস্বৰূপে বস্তুবোৰ সহজে নিসিজে।
...