ছক্ৰেটিছৰ মতে আদর্শ শিক্ষকৰ প্ৰধান কাম ছাত্ৰৰ মূৰটোক এটা শূন্যপাত্র বুলি কল্পনা কৰি লৈ তাত ঠাহি-ঠাহি জ্ঞান সুমুৱাই দিয়াটোৱেই নহয়; আদর্শ শিক্ষকৰ প্রধান কাম হ'ল ছাত্রক স্বাধীনভাবে চিন্তা কৰিবলৈ শিকোৱা। কিয়নো ছাত্রসকলে স্বাধীনভারে চিন্তা কৰিব নাজানিলে নিজে জ্ঞানৰ সাধনা আৰু সত্য অন্বেষণ কৰিব নোৱাৰে। কেৱল শিক্ষকে কোৱা কথাৰ ওপৰতেই তেওঁলোকৰ জ্ঞান সীমিত হৈ থাকে।