0 votes
96 views
in General Knowledge by (6.6k points)
ছক্ৰেটিছৰ চেহেৰাৰ এটি বর্ণনা দিয়া।

1 Answer

0 votes
by (268k points)
 
Best answer
দুখীয়া সাধাৰণ পৰিয়ালত ওপজা ছক্ৰেটিছৰ চেহেৰাত অকণো আভিজাত্যৰ চিন নাছিল। তেওঁৰ মূৰত এডালো চুলি নাছিল, মুখখন আছিল ঘূৰণীয়া, চকু দুটা টেলেকা, প্রকাণ্ড ফেঁচা নাকটো সোঁমাজতে চেপেটা। মুঠতে তেওঁ আছিল দেখিবলৈ একেবাৰে অশুৱনি মানুহ। গ্রীক সকলে সাধাৰণতে পিন্ধা কপাহী হলৌচোলা এটা তেওঁ সদায় পিন্ধিছিল। চেহেৰা অশুৱনি হলেও তেওঁৰ মুখখন আকর্ষণীয় কৰি ৰাখিছিল স্নিগ্ধ সৰলতা, প্ৰখৰ বুদ্ধিমত্তা আৰু গভীৰ স্নেহ পৰায়ণতাই।
...