0 votes
80 views
in Social science by (33.3k points)
ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলীম লীগৰ উত্থান সম্পকে চমুকৈ লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
বৃটিছ ভাৰত চৰকাৰ বিৰোধী বংগভংগ তথা স্বদেশী আন্দোলনৰ পৰা ভাৰতীয় মুছলমানসকলক আঁতৰাই অনাৰ বাবে দৃঢ় পদক্ষেপ লোৱা হৈছিল। ভাইচৰয়ৰ ব্যক্তিগত সচিব কর্ণেল ডানলপ স্মিথ আৰু লৰ্ড মিন্টোৰ প্ৰধান লক্ষ্য আছিল দুটা প্রথমে মুছলমান সকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই অনা আৰু দ্বিতীয়তে মুছলমান সকলক লৈ ভাৰতবৰ্ষত এফালে কংগ্ৰেছৰ সমান্তৰাল আৰু প্ৰতিদ্বন্দ্বী আনফালে চৰকাৰৰ সহযোগীৰূপে এটি ৰাজনৈতিক দল গঠন কৰা। সেয়েহে কর্ণেল স্মিথৰ প্ৰত্যক্ষ উচতনিত বোম্বেৰ আগাথাৰ নেতৃত্বত ১৯০৬ চনৰ ১ অক্টোবৰ তাৰিখে মুছলীম সজাঁতি দল এটাই ছিমলাত গৈ ভাইচৰয়। লর্ড মিন্টোৰ সৈতে এক গোপন মেলত মিলিত হৈ ভাৰতীয় মুছলমান সকলক এক পৃথক সম্প্রদায় আৰু পৃথক ভোটাধিকাৰ দিয়াৰ বিষয়ে অনুৰোধ জনাই। ইতিমধ্যে ঢাকাৰ  নৱাৱক কেন্দ্ৰীয় চৰকাৰে ১৪,০০,০০০ টকা ঋণ দি স্বদেশী আন্দোলনফ বিবোধীতা কৰিবলৈ বৃটিছসকলে হাতৰ মুঠিলৈ আনিছিল। শেষত মুছলীম লীগৰ উত্থানে স্বদেশী আন্দোলন জাতীয়তাবাদৰ জোৰ কমি গৈছিল। আৰু এই সঁজাতি দলৰ সদস্যসকলৰ নেতৃত্বতেই আব্দ ব্ৰিটিছৰ প্রত্যক্ষ সহযোগত নিখিল ভাৰত মুছলীম লীগৰ জন্ম হৈছিল।
...