0 votes
106 views
in Biology by (31.5k points)
মৃদগত কাণ্ডবোৰক কিয় শিপা বুলি কোৱা নহয়?

1 Answer

0 votes
by (251k points)
 
Best answer
কোনো কোনো ক্ষেত্রত কাণ্ডই ডাল-পাত বহন নকৰি বিশেষ কামৰ কাৰণে মৃদগত কাণ্ডলৈ ৰূপান্তৰিত হয়। মাটিৰ তলৰ কাণ্ড ৰূপান্তৰিত হোৱাৰ উদ্দেশ্য হ'ল, উদ্ভিদজোপাক বছৰৰ পিছত বছৰ জীয়াই ৰখা। ৰূপান্তৰিত মৃদগত কাণ্ড ভাগ শিপাৰ দৰেই মাটিৰ তলত থাকে যদিও কেতবোৰ বিশেষ লক্ষণৰ সহায়ত ইহঁতক সহজে কাণ্ড বুলি ধৰিব পাৰি। লক্ষণসমূহ হ'ল- মুকুল, শঙ্কপত্র, গাঁঠি আৰু পাব।

মৃদগত কাণ্ডৰ ঘাই কাম হ'ল- প্রতিকূলজীৱিতা, অঙ্গজ প্রজনন আৰু খাদ্য সঞ্চয়ন উপবোক্ত আলোচনাৰপৰা বুজা যায় যে মৃদগত কাণ্ডবোৰক শিপা বুলি ক'ব নোৱাৰি।
...