0 votes
72 views
in Science by (5.9k points)
ভূপালৰ গেছ দুর্ঘটনাত ক্ষতিগ্রস্ত লোকসকলৰ ক্ষতিপূৰণৰ বাবে কৰা আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer
পৃথিৱীৰ বৃহত্তম পৰিবেশ দুর্ঘটনাটো হ'ল ভাৰতবৰ্ষৰ ভূপালৰ গেছ দুর্ঘটনা। ১৯৮৪ চনৰ ডিচেম্বৰ মাহত ইউনিয়ন কার্বাইডৰ কীটনাশক কাৰখানাৰ গেছ প্রবাহিত হৈ ভূপাল চহৰত প্ৰায় তিনি হাজাৰ মানুহৰ মৃত্যু হয়। হাজাৰ হাজাৰ মানুহ পংগু হয়। এই দুর্ঘটনাত ক্ষতিগ্রস্ত হোৱা লোকক সহায় কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত পৰিবেশ কর্মী, বিজ্ঞানী, সমাজ সেৱকৰ আগমন হয়। এই লোকসকলে ভূপালৰ ক্ষতিগ্রস্ত লোকসকলৰ ক্ষতিপূৰণৰ দাবীত এক দীর্ঘদিনীয়া আন্দোলন কৰে। এই দাবী আনকি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়লৈ যায়। ১৯৮৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভূপালৰ ক্ষতিগ্রস্ত লোকসকলক দিবলৈ ইউনিয়ন কার্বাইডৰ ওপৰত ৭৫০ কোটি টকাৰ ক্ষতিপূৰণ ধার্য কৰে।

ভূপালৰ গেছ দুর্ঘটনাক লৈ সমগ্ৰ ভাৰতবৰ্ষত পৰিবেশ কৰ্মীসকল সচেতন হৈ পৰে আৰু এই ব্যাপক পৰিবেশ আন্দোলনৰ একবুনিয়াদ গঢ়িবলৈ সক্ষম হয়। আনকিভাৰতবৰ্ষত ইউনিয়ন কাৰ্বাইডৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈয়ো জনমত গঠন কৰিছিল। ইয়াৰ ফলত কাৰ্বাইড ইউনিয়নে তৈয়াৰ কৰা এভাৰেডি বেটাৰীৰ ব্যৱহাৰ ভাৰতৰ বহু ঠাইত এটা সময়ত নিষিদ্ধ হৈছিল।
...