0 votes
84 views
in General Knowledge by (5.9k points)
হলৌ বান্দৰৰ বিষয়ে কি কি কথা কেঙে কানাইক কৈছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
হলৌ বান্দৰৰ বিষয়ে কানাইক কেঙে এইদৰে কৈছিল যে ইয়াৰ বৰণ ক'লা। দেখাত সাইলাখ মানুহৰ দৰে। ইহঁতক মানুহৰ জ্ঞাতি ভাই বুলি কোৱা হয়। আগতে বহুতে আকৌ হলৌ বান্দৰক বন মানুহ বুলিও ভাবিছিল। কাৰণ মানুহৰ দৰে সি থিয় হৈ খোজকাঢ়িব পাৰে। কেঙে এখন কিতাপ উলিয়াই কানাইক হলৌ বান্দৰৰ ছবি দেখুৱাই কৈছিল যে ইয়াৰ হাত আৰু ভৰিৰ গঠন প্রায় মানুহৰ দৰে। ই স্তন্যপায়ী প্রাণী। মানুহৰ আঙুলিৰ সমানে পাঁচনখী। ভৰিৰ বুঢ়া আঙুলিৰ বহুত তলত আৰু তলুৱাৰ গঢ় কিছু সুকীয়া। অসমৰ কাজিৰঙা আৰু অন্যান্য অৰণ্যত এই হলৌ বান্দৰ পোৱা যায়।
...