0 votes
30 views
in Science by (4.7k points)
"জীৱই নিজ নিজ পৰিবেশত জীয়াই থাকিবলৈ সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লয়।" কথাষাৰ আলোচনা কৰা।

1 Answer

0 votes
by (221k points)
 
Best answer
পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰিৱেশ আছে। সেই অঞ্চল বিলাকত বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে। প্রকৃততে সকলো জীৱ-জন্তু একোটা নিজা পৰিৱেশত বাস কৰে। মৰুভূমিত উট থাকিব পাৰে, কিন্তু গড় জীয়াই থাকিবলৈ কাজিৰঙাৰ দৰে পৰিৱেশৰ প্রয়োজন। পানীত থকা জীৱ-জন্তু পানীত দ্রবীভূত হৈ থকা অক্সিজেনৰ সহায়ত উশাহ-নিশাহ লয়। কিন্তু স্থলত থকা জীৱ-জন্তু বায়ুৰপৰা এই গেছ গ্রহণ কৰে। বিভিন্ন পৰিৱেশত জীয়াই থাকিবলৈ, সেই পৰিৱেশৰ লগত জীৱৰ অভিযোজন ঘটে।
...