নদ-নদী, সাগৰ-মহাসাগৰ, জান-জুৰি, খাল-বিল আদিৰপৰা পানী অনবৰত সূৰ্যৰ তাপত ভাপ হৈ আকাশলৈ উঠি গৈ মেঘ হিচাপে জমা হয়। যেতিয়া মেঘবোৰ ঠাণ্ডা হয় তেতিয়া মেঘত থকা পানীৰ ভাপবোৰ বৰষুণৰ টোপালত পৰিণত হয় আৰু তললৈ সৰি পৰে। এই পানী বাগৰি পুনৰ নদ-নদী, সাগৰ-মহাসাগৰ পায়গৈ। ইয়াকে জলচক্র বোলে। এই জলচক্ৰৰ বাবেই বহু যুগ ধৰি নদ-নদী, সাগৰ আদিৰ পানী ব্যৱহাৰ কৰি থকাৰ ফলতো শুকাই যোৱা নাই।