অপাৰিন আৰু হেলডেনে মতে পৃথিৱী আৰু ইয়াৰ চাৰিওফালে থকা পৰিবেশৰ উৎপত্তি আৰু ক্রমবিকাশৰ লগে লগে জীৱৰো উৎপত্তি ঘটে।
তেওঁলোকে আগবঢ়োৱা মতবাদটো দুটা দিশত ভগাব পাৰি -
(১) জীবৰ ৰাসায়নিক বিবর্তন আৰু
(২) জৈবিক বিবর্তন।
অপাৰিন আক হেলডেনে জীৱৰ উৎপত্তি সম্পর্কে আগবঢ়োৱা জৈৱ ৰাসায়নিক মতবাদটো উৰে (Urey) আৰু মিলাৰ (Miller) নামৰ বিজ্ঞানী দুজনে ১৯৫৩ চনত গবেষণাগাৰত পৰীক্ষা কৰি প্রমাণ কৰে।
বর্তমান অৱস্থাত পৃথিৱীৰ ৰাসায়নিক অৱস্থাৰ পৰিবর্তন ঘটা বাবে স্বতঃস্ফূর্তভাবে জীৱ সৃষ্টি নহয়।