0 votes
105 views
in Social science by (5.9k points)
অসমৰ আইন অমান্য আন্দোনলক মুখ্যত কিয় ছাত্র আন্দোলন বুলি ক'ব পাৰি ব্যাখ্যা কৰা।

1 Answer

0 votes
by (251k points)
 
Best answer
অসমৰ আইন অমান্য আন্দোলনক মুখ্যত ছাত্র আন্দোলন বুলি কোৱা হয়। এই আন্দোলন ১৯৩০ চনৰ মাৰ্চ মাহৰপৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। মহাত্মা গান্ধীয়ে সেই। বছৰতে মাৰ্চ মাহৰ ১২ তাৰিখে তেওঁৰ ৭৮জন অনুগামীক লৈ সৱৰমতী আশ্ৰমৰ । পৰা প্রায় ২৪১ মাইল দূৰত্বত সাগৰৰ পাৰত থকা দাণ্ডী লৈ লোণ আইন ভংগ। কৰিবলৈ যাত্ৰা কৰে। অসমতো এই আন্দোলন পৰাক্ৰমেৰে সংঘটিত হৈছিল। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে গান্ধীজীৰ আহ্বানক আদৰণি জনাই দলে বলে ৰাজপথলৈ ওলাই। আহিছিল। তৰণৰাম ফুকন আদিৰ দৰে নেতাৰ আহ্বানত অসমৰ ছাত্ৰ-ছাত্ৰীসকল হৰতাল, পিকেটিং, সভা-শোভাযাত্রা আদি কাৰ্যসূচীত অংশগ্রহণ কৰিছিল। ছাত্ৰসকলে স্কুল- কলেজ পৰিত্যাগ কৰিছিল। অসমৰ জনসাধাৰণৰ মাজত আইন অমান্যৰ প্ৰতি সজাগতা আনিবলৈ নানা সভা-সমিতি পাতিছিল। অৱশ্যে কিছু কিছু ঠাইত হিংসাত্মক ঘটনাও সংঘটিত হৈছিল।
...