লিলিপুটৰ দেশত অকণমান মানুহবোৰৰ হাতত গালিভাৰ বন্দী হ'বলগীয়া হয়। সাগৰৰ মাজত বিপৰ্যয়ত পরি গালিভাৰে কেইবাদিনো একো খাবলৈ পোৱা নাছিল। গালিভাবে সেয়ে ভোকত চুর্তি হেৰুৱাই ভদ্রতা জ্ঞান বাদ দি মুখত বাৰে বাৰে আঙুলি ভৰাই অকণমান মানুহবোৰক দেখুৱাই খাবলৈ বিচাৰিলে।
গালিভাৰৰ ইংগিতমতে খাবলৈ বিচৰা বুলি বুজিব পাৰি অকণমান মানুহবোৰে কেইবাডালো জখলা তেওঁৰ গাত লগালে। সেইপিনেদি পাচিয়ে পাচিয়ে মাংস লৈ এশটামান বন মানুহে বগাই উঠি তেওঁৰ মুখত পেলাই দিলে। সেইবোৰ আছিল কেইবাবিধো জন্তুৰ মাংস। সেইবোৰ খাই তেওঁ বৰ সোৱাদ পালে। ভেড়াৰ নিচিনা এবিধ জন্তুৰ ঠেং-মূৰবোৰ পাইছিল। কিন্তু সেইবোৰ কপৌ চৰাইৰ ডেউকাতকৈ ডাঙৰ নাছিল। পাওৰুটীও খাবলৈ দিছিল।
ইয়াৰ উপৰি পনীয়া বস্তু বিচৰাত সিহঁতে আটাইতকৈ ডাঙৰ পিপাটো বগৰাই আনি গালিভাৰৰ হাতত তুলি দিলেহি। মদখিনি তেওঁ পিপাটোৰ পৰা একে শোহাই শেষ কৰি পেলাইছিল। এনেদৰে তেওঁ আৰু এক পিপা মদ খাই শেষ কৰিলে। পুনৰ মদ বিচাৰিছিল যদিও সিহঁতে আৰু দিব নোৱাৰিলে। মদখিনি ঠিক ফৰাচী দেশৰ মদৰ নিচিনা গোন্ধাইছিল। এই সকলোখিনি খাই শেষ কৰাৰ পাছত গালিভাৰে মদ-মাংস একো নুখুজি মনে মনে থকাত অকণ অকণ মানুহবোৰে আনন্দতে নাচিছিল।