সৰল পাত: কিছুমান গছৰ ঠাৰিত এখনহে ফলক থাকে। এনে পাতক সৰল পাত বোলে; যেনে-আম, জবা, কঁঠাল, আঁহত আদিৰ পাত।
যৌগিক পাত: কিছুমান গছৰ ঠাৰিত একাধিক ফলক থাকে। এনে পাতক যৌগিক পাত বোলে; যেনে-গোলাপ, নিম, কৃষ্ণচূড়া, নাজীফুল, তেতেলী আদিৰ পাত।