0 votes
176 views
in General Knowledge by (33.3k points)
'বেলিটো বোলে জ্বলি জুলি শেষ হৈ যাব পাৰে।'- হকিঙে এই বিষয়ে কি কৈছে চমুকৈ লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
চাকি এটাৰ তেলখিনি জ্বলি জুলি শেষ হৈ গ'লে চাকিটো নুমাই যায়,- অর্থাৎ তাৰ মৃত্যু হয়। মমবাতি এডাল জ্বলি জুলি শেষ হ'লে তাৰো অন্ত পৰে। অঙঠাবোৰ 'জ্বলি জ্বলি শেষ হ'লে সি নুমাই যায়; ছাইবোৰহে থাকে। বেলিটোও জ্বলি জুলি এদিন শেষ হৈ যাব। সূৰ্যটোৰ অন্তিম কাল উপস্থিত হ'ব। সূর্যটো ৰঙা হৈ ফুলি উঠিব আৰু এই ৰঙা দৈত্যটোৱে পৃথিৱীকে আদি কৰি অন্যান্য সকলো গ্রহ-নক্ষত্র গিলি পেলাব। সকলো ধ্বংস হৈ যাব।

হকিঙে এই বিষয়ে সাৱধানবাণী শুনাই কৈছে যে - সূর্যটো জ্বলি জুলি শেষ হৈ যোৱাৰ পিছত পৃথিবী ধ্বংস হ'ব বুলি কোনেও ভয় খাব বা হাহাকাৰ কৰিব নালাগে। এই সমস্যাৰ কথা চিন্তা কৰাতকৈ অন্য সমস্যাৰ কথাহে চিন্তা কৰিব লাগে। আমাৰ বৰ্তমান বহুতো সমস্যা আছে; প্রথমে সেইবোৰৰে সমাধান হওক। পৃথিবী জ্বলি জুলি শেষ হৈ যোৱাৰ সময়লৈকে আমি মানুহ জাতিয়ে মহাকাশেৰে বিভিন্ন গ্রহত ভ্রমণ কৰাৰ কৌশল সম্পূর্ণভাৱে আয়ত্ত কৰিব পাৰিম। এতেকে আমাৰ মৰণ নাই। কিন্তু ইয়াতেই এটা কিন্তু আছে- যদিহে আমি মানৱ জাতিয়ে ইতিমধ্যে নিজকে নিজে ধ্বংস নকৰো।
...